এই সংখ্যাত প্ৰকাশ পাইছে বহুতো শাৰদীয় বিশেষ আৰু মনোৰম লেখা। পঢ়িবলৈ তলৰ সুচীপত্ৰ চাওক
সভাপতি:হৰজিৎ মেধি
সম্পাদক:ৰাজেশ বৈশ্য
লিখনি নিৰ্বাচনী বিভাগ:বৰষা বৰ্মন
প্ৰচাৰ বিভাগ:নৱজ্যোতি বৰ্মন অৰিন্দম শৰ্মা
মুখা আলোচনী
ইমেইল - mukhamagazine@gmail.comফোন - ৯১২৬৬ ২১৪২০ঠিকনা - নলবাৰী,অসমৱেবচাইট- www.mukha.co
অভাৱেই আবিস্কাৰৰ মূল।কলেজৰ পৰা উভতি আহোতে বাটতে ওলাইছিল কিতাপ এখনৰ কথা।প্ৰথমতে আমিও ভাবিছিলো মুখা এখন ই আলোচনী হওঁক,কিন্তু তেতিয়া তেনেকুৱা সুবিধা নাপাই মুখাৰ কাম কিতাপ আকাৰে আৰম্ভ কৰিছিলো।অশেষ কষ্ট মূৰ পাতি লৈ মুখা গোষ্ঠীৰ প্ৰথমখন আলোচনী প্ৰকাশ পালে।জুলাই মাহৰ ২৯ তাৰিখ ৰবিবাৰে কৈঠালকুছিস্হিত কামপীঠ কনিষ্ঠ মহাবিদ্যালয়ৰ বাকৰিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মুখা উন্মোচন কৰা হয়।অনুষ্ঠানত উপস্হিত থাকে বৰভাগ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা ড° ধনেশ্বৰ বৈশ্য,কামৰূপ মহাবিদ্যালয়,চামতা ৰ বুৰজ্ঞী বিভাগৰ অধ্যাপক তিলক শৰ্মাদেৱ ,শিক্ষক অনিল বৰ্মন দীপক ভাগৱতী গজেন্দ্ৰমোহন মজুমদাৰ।লগতে পশ্চিম নলবাৰী প্ৰেচ ক্লাবৰ সভাপতি ৰাজেন বৈশ্য,সাংবাদিক শৈলেন বৰ্মন।।প্ৰায় দুকুৰি নৱপ্ৰজন্মৰ কবিতাৰে প্ৰথম সংখ্যা প্ৰকাশ কৰা হয়।সাহিত্যলৈ ঢাপলি মেলা নতুন কবিসকলক এখন মঞ্চ দিয়াই আমাৰ মূল লক্ষ্য।১৩ আগষ্টৰ পৰাই মুখাৰ দ্বিতীয় সংখ্যাৰ কাম আৰম্ভ হয়।এক নতুন মনোবলৰে মুখা গোষ্ঠীৰ দ্বিতীয় সংখ্যা শাৰদীয় বিশেষ পঢ়ুৱৈ সমাজৰ মাজত পূজাৰ শুভেচ্ছা হিচাপে আগবঢ়াব সক্ষম হৈছো।জয়তু মুখা''